বোকাখাতত জল জীৱন মিছনৰ ৮ টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন
বোকাখাত, ১৭ ডিচেম্বৰঃ বোকাখাতত বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰাই জল জীৱন মিছনৰ ৮ টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি জল জীৱন মিছনৰ "হৰ হৰ ঘৰ মে নল,হৰ হৰ মে জল " এই শ্ল'গানেৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ যি ব্যৱস্থা কৰিছিল তাৰ অধীনতেই বৃহস্পতিবাৰে বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাই ৮ টা পানী যোগান আঁচনি শুভ উদ্ধোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ আঁচনি কেইটা হ'ল শিলজুৰি, পাণবাৰী, বেলগুৰি, পলাশগুৰি, দ গাঁও, ডিফলু গ্ৰান্ট, চিনাকান চাৰিআলি, বৰমহৰী পথাৰ ৷ দেশত ২০২৪ চনত সমাপ্ত হ'ব লগা আঁচনিখনৰ কাম গোলাঘাট জিলাত পাইলট প্ৰজেক্ট হোৱাৰ বাবে ২০২২ চনতেই কাম সম্পূৰ্ণ হ'ব ৷ আঁচনিটো সুন্দৰকৈ ৰাখিবৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে মন্ত্ৰীজনে ৷
No comments