শিৱসাগৰত গাওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ বৰুৱাৰ ১২০ তম জয়ন্তী উদযাপন
শিৱসাগৰ, ১৭ ডিচেম্বৰঃ শিৱসাগৰ পুৰণা চ'ক বজাৰৰ পথৰ সমীপত থানাঘাট ৩ নং ৱাৰ্ড গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ বৰুৱাৰ ১২০ তম জন্ম জয়ন্তী পালন কৰা হয়। উক্ত উদযাপন কাৰ্যসূচীত উপস্থিত থাকে গাওঁৰক্ষী বাহিনীৰ শিৱসাগৰ জিলাৰ মুখ্য উপদেষ্টা বিশ্বজ্যোতি ভূঞাৰ লগতে শিৱসাগৰ জিলাৰ সদৰ থানাৰ চক্ৰ সংগঠক অবেন দাসকে ধৰি কেইবাজনো বিষয়ববীয়া।কাৰ্যসূচীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা বিশ্বজ্যোতি ভূঞাই। উদযাপন অনুষ্ঠানটিত বিশিষ্ট কেইবাজনো ব্যক্তিৰ লগতে গাওঁৰক্ষী বাহিনীৰ বহু বিষয়ববীয়া উপস্থিত থাকি অনুষ্ঠানটিৰ সৌস্তৱ বৃদ্ধি কৰে।
No comments