বকলীয়াঘাটত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অধিবেশনঃ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
বোকাজান, ১৮ ডিচেম্বৰঃ বকলীয়াঘাট উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন আৰম্ভ কৰা হৈছে। পুৱা কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আঁত ধৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰ্ণৱ জ্যোতি কাকতিয়ে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ লগতে দলীয় সৃজনীমূলক নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহৰ শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চৰ্জোন হাঞ্চেই। বিয়লিৰ পৰা সভাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে প্ৰশান্ত দত্ত আৰু সমীৰণ ফুকন প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। উল্লেখ্য যে, ছাত্ৰ সংগঠনটোৰ জিলা অধিৱেশন উপলক্ষে আজি পুৱাৰে পৰা জিলাখনৰ ভালে সংখ্যক সংগঠনটোৰ নেতা-কৰ্মী অধিৱেশনস্থলীত উপস্থিত হৈ বকলীয়াঘাটত এক উদূলি মুদূলি পৰিৱেশৰ সৃষ্টি কৰে। কাইলৈ দিনৰ ভাগত জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আদৰণী সমিতিৰ সভাপতি কামছিং হাঞ্চেৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিবলগীয়া সভাখনত সভাপতি দীপাংক কুমাৰ নাথ, সন্মানীয় বিশিষ্ট অতিথি আৰু উপদেষ্টা ক্ৰমে, প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ সভাখনত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে, সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই।
 
 
 
No comments