বকলীয়াঘাটত অৰ্দ্ধলক্ষাধিক টকা মূল্যৰ চোৰাং ফাণ্টা জব্দ
বোকাজান, ১৭ জানুৱাৰীঃ সেউজীয়া কাৰ্বি আংলঙৰ বনাঞ্চল তহিলং কৰি একাংশ চোৰাং সৰবৰাহকাৰীয়ে নিতৌ জিলাখনৰ মূল্যবান কাঠসমূহ বহিঃৰাজ্যলৈ সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে যোৱানিশা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰাং কাঠৰ সৰবৰাহৰ সৈতে জড়িত তিনিখনকৈ বাহনো জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, বকলীয়াঘাট এলেকাৰ পৰা চোৰাং কাঠ সৰবৰাহৰ বাবে এটা অপৰাধী চক্র তৎপৰ হৈ থকাৰ তথ্য গোপন সূত্রে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়। উক্ত তথ্যৰ ভিত্তিত বন বিভাগৰ বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জৰ কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাৰ্বি আংলং-হোজাই সংযোগী তিনিটাকৈ স্থানত চোৰাং কাঠৰ সন্ধানত খাপ লৈ থাকে। এনেতে নিশা প্রায় দহ বজাত হাতীপুৰা হৈ চোৰাং কাঠ সৰবৰাহ কৰি নি থকা অৱস্থাত বনকৰ্মীৰ দলেৰে চোৰাং কাঠৰ সৰবৰাহকাৰী দলৰ মুখামুখি হোৱাত বনকৰ্মীৰ উপস্থিতিৰ উমান পাই চোৰাং সৰবাৰহকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও অভিযানকাৰী দলটোৱে চোৰাং কাঠৰ ফান্টাভর্তি এএছ-০১-বিচি-৫৬৮৮ নম্বৰৰ টাটা মোবাইলখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ৭৭ টা ফান্টাত থকা কাঠৰ পৰিমাণ কমেও ৬০ চি এফ টি বুলি অনুমান কৰা হৈছে। জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰমূল্য কমেও অর্ধ লক্ষাধিক টকা। আনহাতে, কাঠচুৰি কাৰ্যত ব্যৱহৃত দুখনকৈ বাজাজ পালছাৰ মটৰ চাইকেলো বনকৰ্মীৰ দলে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা দুচকীয়া বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ-০২-ডি-৬৮১১ আৰু এএছ-০৯-বি-২৮৬৩।
No comments