Breaking News

কলিয়াবৰত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন

কলিয়াবৰ, ২ মে': অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সহযোগত শালনাত উদযাপন কৰা হয় শ্ৰমিক দিৱস। পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, গীত-নৃত্যৰ অনুষ্ঠানৰ পিছত বিয়লি বেলা মুকলি সভা অনুষ্ঠিত হয়। আটছাৰ নগাওঁ জিলাৰ সভাপতি মহেন্দ্ৰ নায়কৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস,আটছাৰ কেন্দ্ৰীয় সমিতিৰ  প্ৰাক্তন নেতা সিমাঞ্চল দিগাল, ৰাম বিলাস তাঁতী, ট্ৰাইব্ৰেল সংঘৰ প্ৰতিনিধি, শালনা পঞ্চায়তৰ সভানেত্ৰী, জিলা পৰিষদৰ সদস্য চন্দন ঠাকুৰকে প্ৰমুখ্য কৰি উপস্থিত থাকে বিশিষ্ট ব্যক্তিসকল।

No comments