Breaking News

কলিয়াবৰৰ সোণাৰী চাহ বাগিচাত সদৌ অসম ভূঞা সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন

কলিয়াবৰ, ২ মে': বিশ্ব শ্ৰমিক দিৱসৰ দিনাই গোলাঘাটত প্ৰতিষ্ঠা লাভ কৰিছিল সদৌ অসম ভূঞা সমাজে । চাহ জনগোষ্ঠীৰ ভূঞা সম্প্ৰদায়ৰ সংগঠন সদৌ অসম ভূঞা সমাজৰ প্ৰতিষ্ঠাৰ দেওবাৰে ২১ বছৰ পূৰ্ণ হয়। সংগঠনটিৰ বাগিচাখনৰ ২১ বছৰীয়া প্ৰতিষ্ঠা দিৱসটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সোণাৰী চাহ বাগিচাৰ লক্ষ্মী পূজা মন্দিৰৰ প্ৰাংগণত দিন যোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । চাহ জনজাতি সম্প্ৰদায়ৰ সদৌ অসম ভূঞা সমাজৰ নগাওঁ জিলা সমাজৰ ব্যৱস্থাপনাত উদযাপন কৰা হয় এই দিৱসটি। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, পূজা, সাংস্কৃতিক শোভাযাত্ৰা, নৃত্য-গীত পৰিৱেশনৰ লগতে এখনি সজাগতা সভাও অনুষ্ঠিত কৰা হয় এই দিৱসত ।

No comments