সৰুপথাৰত বিশ্ব শ্ৰমিক দিৱস উদযাপন
ধনশিৰি, ২ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু ধনশিৰি মটৰ শ্রমিক ইউনিয়নৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰুপথাৰ ৰাজহুৱা খেলপথাৰত দেওবাৰে বিশ্ব শ্ৰমিক দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু মটৰ চাইকেলৰ এক বিশাল সমদলেৰে কাৰ্যসূচীৰ আৰম্ভ হয়। পৰৱৰ্তী সময়ত এখন মুকলি সভাৰ আয়োজন কৰা হয়। ৰাজহুৱা খেলপথাৰত আয়োজিত মুকলি সভাত সহস্ৰাধিক লোকেৰে ভৰি পৰে। এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক ৰূপম দত্তৰ লগতে মূখ্য অতিথি হিচাবে গোলাঘাট জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত ত্ৰিলোত্তমা দেউৰী, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্জুন পণ্ডিত, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা, সৰুপথাৰ পৌৰসভাৰ পৌৰপতি ঊষা আগৰৱালা, সৰুপথাৰ থানাৰ আৰক্ষী বিষয়া জিতুমণি ডেকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰূপম দত্তই শ্ৰমিকসকলৰ সীমাহীন পৰিশ্ৰম আৰু তেওঁলোকৰ প্ৰাপ্যৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়।
No comments