বকলীয়াঘাটত মে' দিৱস পালনঃ শ্ৰমিকক সম্বৰ্ধনা
বকলীয়াঘাট, ১ মে': বকলীয়াঘাটত আজি একাধিক স্থানত বিস্তৃত কাৰ্যসূচীৰে আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়। বকলীয়াঘাটত নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত আজি পুৱা সন্থাৰ কাৰ্যালয়ত সভাপতি নাথনি ৰাউটে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বকলীয়াঘাট নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি নাথনি ৰাউটৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা তথা দাবী সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে, বকলীয়াঘাটস্থিত শ্ৰীমন্তশঙ্কৰদেৱ বিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক মে' দিৱস উপলক্ষে তিনিজন শ্ৰমিকক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক অনুদান আগবঢ়োৱা হয়। এই উদ্দেশ্যে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিৰুদ্ধ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ শৰ্মা, অসমীয়া ভাষিক সন্থাৰ সভাপতি অখিল হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰি মেʼ দিৱসৰ ইতিহাস, তাৎপৰ্য সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।


No comments