আজি মে' দিৱসঃ ৰঙিয়াত মে' দিৱস পালন
ৰঙিয়া , ০১ মে': আজি মে' দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি ৰঙিয়াতো শ্ৰমিক দিৱস পালন কৰা হয় । শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ হাইৱে' চকৰ উৰণীয়া সেতুৰ তলত চিটুৱে ৰূপায়ন কৰে মে' দিৱস। উক্ত কাৰ্যসূচীত শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে। সভাত শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ আৰু শ্ৰমিকৰ সুৰক্ষা বিষয়ৰ ওপৰত বক্তৃতা আগবঢ়ায় শ্ৰমিক নেতাসকলে। আজিৰ এই অনুষ্ঠানত ৰে'লৱে মজদুৰ ইউনিয়ন, এনইপিই, জিডিআইইএ, নিৰ্মাণ শ্ৰমিক সন্থা, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থা, মধ্যাহ্ন ভোজন শ্ৰমিক সন্থা, এছএফআই, ডিওৱাইএফআই, কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ওপৰি ৰে'লৱে চাফাই কৰ্মী আৰু বহু ব্যক্তি উপস্থিত থাকে।

No comments