শ্ৰমিক দিৱস উপলক্ষে বিজনী চহৰত বাৰশজোপা গছপুলি ৰোপণৰ সিদ্ধান্ত বিজেপিৰ
নিউজ ডেস্ক, বিজনি, ০১ মে': আজি শ্ৰমিক দিৱস। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি শ্ৰমিকসকলক সন্মান জনাই বিজনীত বিজেপিৰ উদ্যোগত ৰোপণ কৰা হয় প্ৰায় বাৰশ জোপা গছপুলি। ইয়াৰোপৰি বিজনীস্থিত চিৰাং জিলা বিজেপিৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিধায়কগৰাকীয়ে বিজনী চহৰৰ প্ৰাকৃতিক ভাৰসাম্য আৰু প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে বাৰশজোপা নিম গছৰ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে সুভাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী, চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ চিৰাং জিলা সম্পাদক ৰাকেশ দাসসহ বিজেপিৰ বহু নেতা তথা দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।

No comments