নাজিৰাত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানঃ ব্যাখ্যাকাৰ ৰন্তু শইকীয়াই আপ্লুত কৰিলে সহস্ৰ ভকতক
শিৱসাগৰ, ২২ মে': শ্ৰীমন্তশংকৰদেৱ সঙ্ঘ শঙ্কৰী সংস্কৃতি প্ৰকল্প, নাজিৰা নগৰ প্ৰাথমিক শাখা আৰু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে নাজিৰা নগৰ প্ৰাথমিক শাখাৰ নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হয়। শাস্ত্ৰজ্ঞ ৰন্তু শইকীয়াই ব্যাখ্যা আগবঢ়োৱাৰ অনুষ্ঠানত দূৰ-দুৰণিৰ পৰা যথেষ্ট ভকতৰ উপস্থিতি পৰিলক্ষিত হয়। উল্লেখ্য যে, সামাজিক বাতাবৰণ সুস্থ তথা নৱ প্ৰজন্মৰ ব্যৱহাৰিক জীৱনত আধ্যাত্মিক প্ৰভাৱৰে প্ৰভান্বিত হৈ এক আদৰ্শ সম্বলিত জীৱন-যাপন যাতে কৰিব পাৰে, তাৰে প্ৰতি লক্ষ্য ৰাখি এক ব্যয় বহুল কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰে।
No comments