জিলা সভাপতিৰ গৃহ সমষ্টিতে বিদ্ৰোহঃ লাংফেৰৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত নামিবৰ উপ-সভাপতি ফুডিং তেৰাং
বকলীয়াঘাট, ২২ মে': বিগত কেইবাটাও নিৰ্বাচনত ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হৈ অহা কংগ্ৰেছ দলৰ বাবে সাম্প্ৰতিক পৰিস্থিতি জটিল বুলি ধাৰণা কৰি অহা হৈছে যদিও সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলটোত প্ৰাৰ্থিত্ব বিচাৰি ভালেসংখ্যক প্ৰাৰ্থীয়ে ভীৰ কৰা দেখিবলৈ পোৱা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থিত্ব লাভত ব্যৰ্থ হোৱা দলটোৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মুকলিকৈ দলৰ হাইকমাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে দলৰ ভিতৰচʼৰাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে খোদ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উপ-সভাপতি ফুডিং তেৰাঙে। উল্লেখযোগ্য যে, লাংফেৰ পৰিষদীয় সমষ্টিত বিগত সময়ছোৱাত সাংগঠনিক দিশত কাম কৰি অহা ফুডিং তেৰাঙৰ সমষ্টিত জনপ্ৰিয়তা থকাৰ লগতে দলটোৰ এগৰাকী শক্তিশালী দাবীদাৰ হিচাপে পৰিগণিত হৈছিল। দলৰ কঠিন সময়ত দলটোৰ বাবে গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই অহাৰ পিছতো অৱশেষত উপ-সভাপতি গৰাকীক টিকটৰ পৰা বঞ্চিত কৰি জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে নিজ কন্যা পূৰ্ণিমা ৰংহাংপীক দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা কাৰ্যত ফুডিং তেৰাঙে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ জয়লাভৰ সম্ভাৱনীয়তাৰ পৰিৱৰ্তে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া বুলি মন্তব্য কৰে। লগতে দলৰ প্ৰাৰ্থিত্ব লাভত ব্যৰ্থ হোৱা তেৰাঙে সমাগত পৰিষদীয় নিৰ্বাচনত লাংফেৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

No comments