শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ ৩৭২ সংখ্যক তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা
শিৱসাগৰ, ২২ মে': শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ ৩৭২ সংখ্যক তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি কাথপাৰ শ্ৰী শ্ৰী নিত্যানন্দ থান পৰিচলনা সমিতি আৰু কাথপাৰ সন্মিলিত যুৱ বৃন্দৰ সহযোগত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অহা ২৮ আৰু ২৯ মে' তাৰিখে কাথপাৰৰ মহিমামণ্ডিত শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ ৩৭২ সংখ্যক তিৰোভাৱ তিথি আয়োজিত হ'বলগীয়া উক্ত অনুষ্ঠানটিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আয়োজন কৰা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানটি ১৮ নং কাথপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাথপাৰ সন্মিলিত যুৱ বৃন্দ উদ্যোগৰ হৈ বিষয়ববীয়া তনুজ তন্ময় গগৈ, অভিনৱ দত্ত, ভাস্কৰ গোহাঁই, মৃদুপৱন বৰুৱা, জনাৰ্দন দুৱৰা, ক্ষিৰোদ গগৈ, চিত্ৰ ভাস্কৰ্য শিল্পী দেৱজিত দুৱাৰাকে ধৰি কেইবাগৰাকী যুৱ সমাজ-কৰ্মীয়ে উক্ত অনুষ্ঠানটি আয়োজন কৰে।
No comments