Breaking News

বকলীয়াঘাটত পথ দুৰ্ঘটনাত মহিলা নিহত

বকলীয়াঘাট, ২২ মে':  আজি বিয়লি বকলীয়াঘাটৰ নাম বকলীয়াত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি প্ৰায় 5.30 বজাত বকলীয়াঘাট নগৰৰ দিশৰ পৰা গৈ থকা এএছ-09-এফ-9447 নম্বৰৰ বাজাজ প্লেটিনাখনে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী মহিলাক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয়। নিহত মহিলাগৰাকী বকলীয়াঘাট শিলপোতাৰ কাছৰ ফাংছʼপী (65) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, ৰোহিত চৌহান (21) নামৰ মটৰচাইকেল আৰোহীজনক গুৰুতৰভাৱে আহত অৱস্থাত বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

No comments