বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩২ তম স্মৃতি দিৱস পালন
নিউজ ডেস্ক, ১ মেঃ আজি বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ তথা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) ৰ প্ৰতিষ্ঠাপক সভাপতি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩২ তম মৃত্যু দিৱস। মৃত্যু দিৱসৰ লগত সংগতি ৰাখি দোতমাৰ থুলংকাপুৰিত এবছুৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩২ তম স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা এবছুৰ সভাপতি দ্বীপেন বড়োয়ে পতাকা উত্তোলন কৰাৰ লগতে বডোফাৰ সমাধিক্ষেত্ৰ আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰা হয়। পৰৱৰ্তী সময়ত বডোফাৰ আৰ্দশক জীয়াই ৰখাৰ উদ্দেশ্যৰে এক সমদল উলিওৱা হয়। আজিৰ এই অনুষ্ঠানত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে বিধায়ক জিৰণ বসুমতাৰী তথা অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে।
No comments