Breaking News

দিচাংমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সত্যব্ৰত গগৈৰ বিদায় সম্বৰ্ধনা সভা

শিৱসাগৰ, ২২ এপ্ৰিলঃ ১৯৮৯ চনতে দিচাংমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক সত্যব্ৰত গগৈয়ে বিদ্যালয়খনত চাকৰিত যোগদান কৰি শিক্ষকতাৰ সুদীৰ্ঘ ৩৩ বছৰে শিক্ষকতাকে ব্ৰত হিচাপে গ্ৰহণ কৰা গগৈয়ে যোৱা ৩১ মাৰ্চত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ উদ্যোগত আজি আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুলপ্ৰসাদ শইকীয়াই ৷ বিদ্যালয়ৰ সহশিক্ষক ৰাজা চেতিয়া আৰু মন্দাকিনী চেতিয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনিল পাংগিঙে ৷ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কুমাৰ গগৈয়ে শিক্ষকসকল জাগ্ৰত প্ৰহৰীৰ দৰে হ’ব লাগিব ৷ আপুনি শিক্ষকতা কৰি কিমান অৰ্থ উপাৰ্জন কৰিলে সেয়া চিন্তা কৰাৰ আগত আপুনি পাঠদান কৰা বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ বাবে কি দি গ'ল সেয়াহে চিন্তা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি সাৰগৰ্ভ মন্তব্য আগবঢ়ায়। সভাখনত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন গগৈয়ে  বিদ্যালয়খনত যোগদান কৰা সময়ৰ স্মৃতি ৰোমন্ঠন কৰি আবেগিক হৈ পৰে ৷ বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ নেওগ, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক দিলীপ চাংমাই, অৱসৰী শিক্ষক সত্যব্ৰত গগৈৰ সহধৰ্মিনী শিক্ষয়িত্ৰী দিপালী গগৈ, বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক বানেশ্বৰ ডাৰিগ, সাংবাদিক ৰজনীকান্ত পাংগিং, শিক্ষক জিতেন কোচে ভাষণ প্ৰদান কৰাৰ লগতে সভাখনত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰকিবুজ জাহান আলি, বিউতী গগৈ, চয়নিকা দাস, পংখী চহৰীয়া, মনময়ুৰী গগৈ, সুপ্ৰভা দাস,  সাংবাদিক অৰুণ ঠাকুৰ আদিয়ে বহু কেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে ৷  বিদায়ী শিক্ষক সত্যব্ৰত গগৈয়ে প্ৰধান শিক্ষকগৰাকী অপ্ৰাণ চেষ্টাৰ কিছু ফল উল্লেখ কৰাৰ লগতে বিদ্যালয়খনৰ উন্নয়নৰ বাবে ২০ হাজাৰ টকা অনুদান আগবঢ়োৱা হ’ব বুলি অৱগত কৰে ৷ শিক্ষকগৰাকীক বিদ্যালয় কতৃপক্ষই ফুলাম জাপি, ছাতি, ফুলাম গামোচা, সঁফুৰা, চেলেং চাদৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ হৈ মনদ্বীপ নাথ আৰু ছাত্ৰ একতা সভাৰ হৈ ৰুয়ুম পাংগিঙে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে ফুলাম গামোচাৰে বিদায়ী শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে চৰণ চুই আশীৰ্বাদ লৈ আজি আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনায়।

No comments