প্ৰাৰ্থপ্ৰতীম ৰাজকোঁৱৰলৈ হেল্ল' অসমৰ তৰফৰ পৰা শ্ৰেষ্ঠ উদীয়মান কণ্ঠ শিল্পী বটাঁ-২০২২ প্ৰদান
শিৱসাগৰ, ২৩ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিৰ ৱেৱ পৰ্টেল হেল্ল' অসমৰ তৰফৰ পৰা ঘোষণা কৰা শ্ৰেষ্ঠ উদীয়মান কণ্ঠ শিল্পীৰ বটাঁ ২০২২ কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয় নাজিৰাৰ তেলপানী আদৰ্শ গাঁৱৰ বিজিত ৰাজকোঁৱৰৰ পুত্ৰ প্ৰাৰ্থপ্ৰতীম ৰাজকোঁৱৰক। শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত কালি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য অনুষ্ঠানত এই বটাঁ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।উল্লেখ্য যে, উদীয়মান কণ্ঠশিল্পী প্ৰাৰ্থপ্ৰতীম ৰাজকোঁৱৰক কালি এই অনুষ্ঠানত এটি বিশেষ বটাঁও প্ৰদান কৰা হয়। এই বটাঁ আগবঢ়াইছে বৰপেটাৰ শিক্ষক সঞ্জয় বৰ্মনে। উদীয়মান কণ্ঠশিল্পী প্ৰাৰ্থপ্ৰতীম ৰাজকোঁৱৰে সৰুৰে পৰাই সংগীতৰ প্ৰতি আগ্ৰহী হৈ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গীত পৰিবেশন কৰি ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কালি এই অনুষ্ঠানত উপস্থিত থাকে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দিহিঙ্গীয়া, লালিম চাপৰি গাঁও পঞ্চায়তৰ সভাপতি শশাংক গগৈ, বৰফুকন পঞ্চায়তৰ সভাপতি মীনু গগৈ, আটাছুৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি মিণ্টু দুৱৰা, সাংবাদিক ৰাতুল শৰ্মা, জিয়াৰুদ্দিন আহমেদ, অনুৰাগ শইকীয়া, ইমৰাণ ৰহমান, ৱাহিদ আলী, প্ৰজিত গগৈকে ধৰি বহু কেইবাগৰাকী ব্যক্তি। অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক জিয়াৰুদ্দিন আহমেদে।
No comments