Breaking News

কর্মশ্রী বঁটাপ্রাপ্ত শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কলিয়াবৰত উষ্ম আদৰণি

কলিয়াবৰ, ২২ এপ্ৰিলঃ অসম চৰকাৰৰ কর্মশ্রী বঁটাপ্ৰাপক কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি তথা বৰ্তমানৰ শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কলিয়াবৰবাসী ৰাইজে জনালে উষ্ম আদৰণি। মহকুমাধিপতি হিচাপে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান সেয়া প্ৰশংসনীয়। আজিৰ কলিয়াবৰৰ পৰ্য্যটনস্থলীসমূহ জনমানসৰ মাজত তথা বিশ্বৰ পৰ্য্যটন মানচিত্ৰত তুলি ধৰাৰ তেখেতে যি সপোন দেখিছিল আজি তেখেতৰ সপোনে বাস্তৱ ৰূপ পালে। তেখেতে কলিয়াবৰৰ পৰ্য্যটন ক্ষেত্ৰত গুৰুত্ব সহকাৰে দি যোৱা অৱদানৰ বাবে তেখেতক অসম চৰকাৰে কর্মশ্রী বঁটাৰে সন্মানিত কৰিছে। তেখেতৰ প্ৰতি থকা মৰম আৰু তেখেতৰ কৰ্মৰ প্রতি শ্ৰদ্ধা জনায় কলিয়াবৰ মহকুমা প্ৰাঙ্গনত  অনুষ্ঠিত হোৱা ৰাজহুৱা অভিনন্দন অনুষ্ঠানত কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থা, কলিয়াবৰ সাংবাদিক সন্থা, ক্লিন জখলাবন্ধা গ্ৰীণ জখলাবন্ধাকে আদি কৰি বিভিন্ন দল সংগঠনৰ লগতে বহু সচেতন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰে।

No comments