অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ উদ্যোগত সৰুপথাৰত শোভাযাত্ৰা
ধনশিৰি, ৩০ এপ্ৰিলঃ অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত শনিবাৰে সৰুপথাৰ নগৰৰ ৰাজপথত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। উক্ত শোভাযাত্ৰাত শ্ৰমিকসকলে বাৰেৰহণীয়া কলা-কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে উক্ত থলীৰ পৰাই শ্ৰমিক দিৱস পালন কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, শ্ৰমিকসকলৰ প্ৰাপ্য আদায় দিয়ক, শিশু শ্ৰমিক বন্ধ কৰক, শিশু শ্ৰমিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক ইত্যাদি শ্ল'গানেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ অৰ্থে অসম চৰকাৰক অনুৰোধ জনায়। পৰৱৰ্তী সময়ত সৰুপথাৰৰ সতীৰ্থ ভৱন প্ৰাঙ্গনত এখন মুকলি সভা আয়োজন কৰি শ্ৰমিকসকলৰ নানান মূল্যবান বিষয় সন্দৰ্ভত আলোচনা কৰে।
No comments