দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ভূ-তত্ব বিভাগত স্নাতকোত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল অসম কন্যা প্ৰণীষা ৰাজখোৱাৰ
শিৱসাগৰ, ৩০ মাৰ্চঃ দিল্লী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত বিশ্ববিদ্যালয়খনৰ পৰা ভূ-তত্ব বিভাগত তৃতীয় স্থান দখল কৰে শিৱসাগৰৰ প্ৰণীষা ৰাজখোৱাই। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ভূ-তত্ব বিভাগত অধ্যয়ন কৰা প্ৰণীষা ৰাজখোৱাই মহাবিদ্যালয়খনৰ পৰাও স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে। শুক্ৰবাৰে দিল্লীৰ হংসৰাজ কলেজত আয়োজিত ৭৪ সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অসম কন্যা প্ৰণীষা ৰাজখোৱাক মহাবিদ্যালয়ৰ পৰা সন্মান জনোৱা হয়। শিৱসাগৰৰ গণকপট্টিৰ মানৱ ৰাজখোৱা আৰু দেৱযানী ৰাজখোৱাৰ কন্যা প্ৰণীষা। অসম কন্যা প্ৰণীষাৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
No comments