Breaking News

কলিয়াবৰত দুই লাখ পঞ্চল্লিশ হাজাৰ টকাৰ জালনোটসহ দুজনক আটক


কলিয়াবৰ, ৩০ এপ্ৰিলঃ নকল নোটৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান । এক গোপন খবৰৰ ভিত্তিত  নগাওঁ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি কলিয়াবৰ মহকুমাৰ দক্ষিণ পোতা কলঙত অভিযান চলায়। অভিযানত আৰক্ষীয়ে দুই লাখ পঞ্চল্লিছ হাজাৰ টকা নকল ভাৰতীয় নোট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সংক্ৰান্তত বাহাৰুদ্দিন আৰু মালিক কাস্তুৰ নামৰ দুজন লোকক আটক কৰিছে । আটকাধীন লোক দুজনৰ পৰা আৰক্ষীয়ে  AS-21F-6085 নম্বৰৰ এখন মাৰুটি ভেন আৰু এখন পঞ্জীয়নবিহীন পালচাৰ মটৰ চাইকেল জব্দ কৰে। অভিযানৰ সময়ত আৰক্ষী অধীক্ষকগৰাকীৰ লগত অতিৰিক্ত আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰু চামগুৰিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুগৰাকীয়ে সহযোগিতা আগবঢ়াইছিল বুলি জানিব পৰা গৈছে।

No comments