বকলীয়াঘাটত কিশোৰী ধৰ্ষণৰ অপচেষ্টাঃ এজন যুৱকক গ্ৰেপ্তাৰ
বকলীয়াঘাট, ৩০ এপ্ৰিলঃ বকলীয়াঘাটত অলপতে বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যোৱা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই এহাল যুৱক-যুৱতীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এলেকাটোত পুনৰ এগৰাকী কণমানি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই এজন যুৱক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৮ এপ্ৰিলৰ বিয়লি বকলীয়াঘাট থানাৰ অন্তৰ্গত ফংলকপেট বাচাপথাৰ এলেকাত ঝুমতলিৰ পৰা নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত ৯ বছৰীয়া কিশোৰীগৰাকীক ওচৰত কোনো নথকাৰ সুযোগ লৈ সুৰেশ গৌড় (১৯) নামৰ নৰপশুটোৱে পাশৱিক কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা চলায়। অৱশ্যে, যুৱকজনৰ এনে আচৰণত আতংকিত হৈ পৰা কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক উক্ত স্থানত উপস্থিত হৈ কিশোৰীগৰাকীক দুৰ্বৃত্তটোৰ কবলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কালি বিয়লি উক্ত অপকৰ্মত লিপ্ত যুৱকজনক আটক কৰি আজি আদালতলৈ প্ৰেৰণ কৰে।
No comments