চৰাইদেউত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিঃ বাসগৃহ, ভঁৰাল-ঘৰ বিধ্বস্তঃ প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যুৎ যোগান ব্যাহত
শিৱসাগৰ,৩০ এপ্ৰিলঃ কালি নিশাৰ ভাগত পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ তথা ইয়াৰ কাষৰুৱা অঞ্চলত ৰাইজৰ বিস্তৰ ক্ষতিসাধন হয়। নিশা প্ৰায় ৮ মান বজাত অহা এই ধুমুহা-বৰষুণত বহু লোকৰ ঘৰ-দুৱাৰ, ভঁৰাল ঘৰ, গোহালি, দোকান ঘৰ আদি ভাঙি পেলোৱাৰ লগতে বহুতৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যায়। ধুমুহা বতাহৰ ফলত বহু প্ৰকাণ্ড-প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বাৰীৰ মূল্যবান গছ-গছনি ভাঙি তচনচ কৰি পেলায় । ইয়াৰোপৰি গছ পৰি কেইবাখনো বাহনৰো ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । ধুমুহা জাকৰ ফলত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটাৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাগি পৰাৰ ফলত বিদ্যুতৰ তাঁৰ আৰু খুঁটা ভাগি পৰি অঞ্চলটোৰ কিছু কিছু অঞ্চলত বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ আছে । ইফালে ধুমুহা বিধ্বস্ত অঞ্চল সমূহত ৱাৰ্ড কমিছনাৰ, পঞ্চায়ত প্ৰতিনিধি, স্থানীয় গাঁওবুঢ়াসকলে ক্ষয়ক্ষতিৰ বুজ লৈছে যদিও বৰ্তমানলৈকে কোনো চৰকাৰী বিষয়া নাইবা জনপ্ৰতিনিধিয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰা নাই বুলি ধুমুহা বিধ্বস্ত অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে । আনহাতে, অঞ্চলটোৰ ধুমুহাৰ ফলত ক্ষতিসাধন হোৱা ৰাইজক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে ।
No comments