ঢকুৱাখনাত বিজেপিৰ যোগদান সভাঃ ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদকসহ কেইবাগৰাকীৰ নেতা-কৰ্মীৰ গেৰুৱা বসন পৰিধান
ঢকুৱাখনা,৩০ এপ্ৰিলঃ কংগ্ৰেছ শূন্যৰ দিশে ঢকুৱাখনা। ঢকুৱাখনাত এফালৰ পৰা ক্ৰমাৎ খহিবলৈ ধৰিছে কংগ্ৰেছ ভেটি। ইজনৰ পিছত সিজনকৈ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে যোগদান কৰিছে বিজেপিত। আজি পুনৰ ঢকুৱাখনাত কেইবাজনো নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাবে গেৰুৱা বসন পৰিধান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান সভাত আজি ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক অনন্ত দাসসহ কংগ্ৰেছৰ কেইবাগৰাকী সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। দলীয় নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা প্ৰতিগৰাকী নেতা-কৰ্মীক ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক উপ-সভাপতি নৱ কুমাৰ দলেই প্ৰতিগৰাকী সদস্যক গেৰুৱা বসন পিন্ধোৱাৰ লগতে সদস্য ভুক্তিৰ পৰিচয় পত্ৰৰে বিজেপিলৈ আদৰণি জনায়। আজিৰ যোগদান কাৰ্যসূচীত ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনিল দলে, সাধাৰণ সম্পাদক বনশ্যাম গগৈ, বিষ্ণু দত্ত, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসকে ধৰি বিজেপি ঢকুৱাখনা জিলা সমিতি, মণ্ডল সমিতিৰ লগতে বিভিন্ন মৰ্চাৰ বিষয়ববীয়া তথা দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।
No comments