লাহৰীঘাটত ড্ৰাগছ, নগদ ধন জব্দঃ এজনক আটক
লাহৰীঘাট, ৩০ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিগত কেইদিনমানৰ পৰা লাহৰীঘাটতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। শুক্ৰবাৰে নিশা লাহৰীঘাটত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰীঘাটৰ ধিংৰআটি গাঁৱৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক আটক কৰে । আৰক্ষীয়ে ছফিকুল ইছলামৰ জিম্মাৰ পৰা নটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ৫৮,০০০ হাজাৰকৈ টকা জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।
No comments