কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত নিজ চিলাবন্ধা গাওঁত শিপিনী উদগনি অনুষ্ঠান
কলিয়াবৰ, ৭ মাৰ্চঃ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত নিজ চিলাবন্ধা গাওঁত শিপিনী উদগনি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত থলুৱা গামোচাৰ উৎপাদন বৃদ্ধি কৰি মহিলাসকলক অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ প্ৰচেষ্টা হিচাপে গামোচা বোৱাৰ বাবে ৫০ গৰাকী শিপিনীলৈ সহায় হিচাপে সূতাৰ টোপোলা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ২০১৭ বর্ষতে নিজ চিলাবন্ধা গাওঁক "শিপিনী গাওঁ" হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু সেই বৰ্ষৰ পৰাই প্ৰতি বছৰে গাওঁখনৰ শিপিনীসকলক বিভিন্নধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে। গাওঁখনক শিপিনী গাওঁ হিচাবে চৰকাৰীভাবে স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।
No comments