Breaking News

কলিয়াবৰৰ নৃসিংহ দেৱালয়ত ভাওনা প্ৰদৰ্শন

কলিয়াবৰ, ২৭ মাৰ্চঃ কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰৰ ঐতিহ্যমণ্ডিত নৃসিংহ দেৱালয়ত কালি নিশা প্ৰদৰ্শিত হয় "নৃসিংহ যাত্ৰা" ভাওনা। পুৱা উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, বৃক্ষ ৰোপণ আদি কাৰ্যসূচী আৰু নিশা অনুষ্ঠিত কৰা হয় ভাওনাভাগি । স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মাতৃ কাঞ্চন মহন্তৰ পৃষ্ঠপোষকতাত, নৃসিংহ দেৱালয়ৰ গোপিনী সমাজৰ ব্যৱস্থাত প্ৰদৰ্শিত কৰা হয় " নৃসিংহ যাত্ৰা" ভাওনাখনি । ভাওনাস্থলীত মন্ত্ৰী কেশৱ মহন্তৰ লগতে পৰিয়ালৰ অধিকাংশ লোক উপস্থিত থাকে ।

No comments