শিৱসাগৰ ৰটাৰী ক্লাৱৰ উদ্যোগত পৌৰ চাফাই কৰ্মচাৰীক ৰেইনকোট, গামবোট প্ৰদান
শিৱসাগৰ, ২৮ মাৰ্চঃ শিৱসাগৰৰ অন্যতম প্ৰতিষ্ঠিত শিৱসাগৰ ৰটাৰী ক্লাৱৰ তৰফৰ পৰা, জিলা প্ৰশাসন আৰু পৌৰসভাৰ সহযোগত পৌৰ চাফাই কৰ্মচাৰীসকলে যথেষ্ট কষ্টৰে সেৱা আগবঢ়াই অহা কৰ্মীসকলৰ সুৰক্ষাৰ বাবে ১১২ টা ৰেইনকোট আৰু ১১২ যোৰ গামবোট পৌৰসভাৰ ৱাৰ্ড কমিচনাসকলৰ লগতে প্ৰশাসনৰ বিষয়া আৰু বহু কেইজন সংবাদিকৰ উপস্থিতিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা কক্ষত জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰে। উল্লেখ্য যে, অন্যতম প্ৰতিষ্ঠিত শিৱসাগৰ ৰটাৰী ক্লাৱে শিৱসাগৰ জিলাৰ গেলেকী মেকিপুৰৰ হাটিপটী আৱাসিক এলেকাৰ হিউমেন ৱেলফাৰ ছ'চাইটিৰ মহিলাসকলৰ বাবে ৪ টাকৈ চিলাই মেচিন অৰ্পণ কৰাৰ কথাও অৱগত কৰে।
No comments