Breaking News

গাওঁবুঢ়া সন্থাৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপনঃ বিধায়ক বিশ্বজিৎ ফুকনক বিশেষভাৱে সম্বৰ্ধনা গাওঁবুঢ়া সন্থাৰ

ধনশিৰি, ২৭ মাৰ্চঃ অশান্ত জৰ্জৰ অসম-নগালেণ্ড সীমান্তত প্ৰহৰীৰ দৰে কাম কৰি অহা গাওঁবুঢ়াসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তই উৎফুল্লিত কৰি তুলিছে সীমান্তৰ গাওঁবুঢ়াসকলক। ৰাজ্য চৰকাৰে সীমান্ত আৰু বনাঞ্চলৰ গাওঁবুঢ়াসকলক চৰকাৰী স্বীকৃতি প্ৰদান কৰি ৫০০০ টকাকৈ মাহেকীয়া পাৰিতোষিক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ধনশিৰি মহকুমা সীমান্ত গাওঁবুঢ়া সন্থাৰ দীৰ্ঘদিনীয়া দাবীক শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পূৰণ কৰাত গাওঁবুঢ়া সন্থাই মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক শনিবাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ধনশিৰি মহকুমা সীমান্ত গাওঁবুঢ়া সন্থাৰ আৰু টেঙানি আঞ্চলিক গাওঁবুঢ়া সন্থাৰ উদ্যোগত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি গাওঁবুঢ়াসকলৰ সমস্যা সমাধান কৰাৰ বাবে  বিধায়কগৰাকীক দুই শতাধিক গাওঁবুঢ়াই উষ্ম সম্বৰ্ধনা জনায় । উল্লেখ্য যে, বিধায়ক বিশ্বজিৎ ফুকনে অসম-নগালেণ্ড সীমান্তৰ ২৪৩ জন আৰু টেঙানী বনাঞ্চলৰ ২২ জন বেচৰকাৰী গাওঁবুঢ়াক চৰকাৰী স্বীকৃতি প্ৰদান কৰিবৰ বাবে বিধানসভাত দাবী উত্থাপন কৰি অহাৰ লগতে ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছিল। মনকৰিবলগীয়া যে, ১৯৮০ চনৰ পৰাই ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তত ২৪৩ জন আৰু টেঙানী বনাঞ্চলত ২২ জনকৈ গাওঁবুঢ়াই বিনা বেতনেৰে দ্বায়িত্ব পালন কৰি আহিছিল। অৱশেষত চৰকাৰে চলিত বাজেট অধিৱেশনত এইসকল গাওঁবুঢ়াক চৰকাৰী স্বীকৃতি প্ৰদান কৰি আগন্তুক বৰ্ষৰ বাবে পাৰিতোষিক হিচাপে ২ কোটি ৮৫ লাখ টকা ধাৰ্য কৰিছে। ইপিনে অসম-নগালেণ্ড সীমান্তত বৰ্তমানলৈকে নগা দুৰ্বৃত্তৰ হাতত বিভিন্ন সময়ত প্ৰাণ হেৰুৱাইছে কেইবাজনো গাওঁবুঢ়াকে ধৰি ১২১জন নিৰিহ লোকে। এইসকল লোকৰ স্মৃতিত সীমান্তত এখন স্মৃতি উদ্যান নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি এই সম্বৰ্ধনা অনুষ্ঠানতে প্ৰদান কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে।

No comments