শিৱসাগৰৰ হাঁহচৰাত জয়-বিজয় নাট্য গোষ্ঠীৰ শিশুশিল্পীসকলে অভিনয়ে মুহিলে সহস্ৰাধিক দৰ্শকক
শিৱসাগৰ, ২১ মাৰ্চঃ শিৱসাগৰ জিলাৰ হাঁহচৰা শলগুৰীয়া গাঁওত ২০ মাৰ্চত অনুষ্ঠিত হৈ যায় প্ৰয়াত ভোগেশ্ব চাংমাইৰ সোঁৱৰণত জয়-বিজয় নাট্যগোষ্ঠীৰ শিশু শিল্পীসকলে পৰিবেশন কৰা নৃ-সিংহ অৱতাৰ ভাওনা। শিশুসকলক সাংস্কৃতিকভাৱে গঢ়ি তোলাত এক অনন্য প্ৰয়াস কৰি এখন মঞ্চ গঢ়ি দিলে উদীয়মান যুৱক ৰবীন শইকীয়াই। প্ৰতিজন শিশুৰে সাৱলীল অভিনয়ে দৰ্শকৰ মন আপ্লুত কৰি অন্তৰ জয় কৰিবলৈ সক্ষম হোৱাৰ মূলতেই প্ৰশিক্ষক কোকিল গগৈৰ আশাশুধীয়া প্ৰচেষ্টাৰ সফল প্ৰশিক্ষণ। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাওনা অনুষ্ঠানটিত দিনৰ ভাগত নাম-প্ৰসংগৰে আৰম্ভণি কৰে। সন্ধিয়া ভাওনা উদ্বোধন কৰে শঙ্কৰী সংস্কৃতিৰ সাধক পবিত্ৰপ্ৰাণ বৰাই। উক্ত অনুষ্ঠানৰ লগত জড়িত বহুকেইজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
No comments