Breaking News

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত কলিয়াবৰত বিহু কৰ্মশালাৰ শুভাৰম্ভ

কলিয়াবৰ, ২১ মাৰ্চঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু উদযাপন প্ৰস্তুতি । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত, "টিপকাই"ৰ উদ্যোগত ফ্রেণ্ডশ্বিপ ক্লাৱৰ সহযোগত দেওবাৰৰ পৰা আৰম্ভ হৈছে "বিহু কৰ্মশালা " । কলিয়াবৰৰ ডঃ টি আও ষ্টেডিয়ামত দহদিনীয়াভাবে আয়োজিত এই কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মণি মাধৱ মহন্তই । অহা ২৯ মাৰ্চলৈ চলিবলগীয়া এই কৰ্মশালাখনিত বিমান বৰুৱা, কৃষ্ণমনি নাথ, ড্ৰিমলী গগৈ, দীপা দাস আদিয়ে অতিথি প্ৰশিক্ষক আৰু জয়ন্ত সোণোৱাল, নীলাক্ষী বৰগোহাঞিয়ে মুখ্য প্ৰশিক্ষক হিচাবে প্ৰশিক্ষণ আগবঢ়াব এই বিহু কৰ্মশালাত ।



No comments