Breaking News

এটি শাৰীৰিকভাবে অসুস্থ শিশুক চিকিৎসা সাহাৰ্য্য, পঢ়াশুনাৰ দায়িত্ব গ্ৰহণ কৰিলে কলিয়াবৰৰ "বৰঘুলি উন্নয়ন মঞ্চই"

কলিয়াবৰ, ২১ মাৰ্চঃ কলিয়াবৰ বৰঘুলি উন্নয়ন মঞ্চৰ প্ৰশংসনীয় কাৰ্য । চাৰি নং ভুৰবন্ধা গাওঁৰ নুৰ আহমেদ নামৰ শিশুটি আক্ৰান্ত হৈ আছে টিউমাৰ সদৃশ এক ৰোগত । দৰিদ্ৰতাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল শিশুটি । শিশুটিৰ চিকিৎসাৰ বাবে স্থানীয় বৰঘুলি উন্নয়ন মঞ্চ নামৰ সংগঠনটিয়ে আগবঢ়াইছে সহায়ৰ হাত । কেৱল ইমানেই নহয় সংগঠনটিয়ে পঞ্চম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্বও গ্ৰহণ কৰিছে । সংগঠনটিৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে । আনহাতে, দৰিদ্ৰ লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও সংগঠনৰ কৰ্মকৰ্তা সকলে জানিব দিছে। চিকিৎসাজনিত, শিক্ষা গ্ৰহণ আনকি বিয়া-বাৰুৰ ক্ষেত্ৰতো দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে সংগঠনটিয়ে । বিনামূলীয়াভাবে ৰক্তদানৰ এক ব্যৱস্থা ও হাতত লৈছে সংগঠনটিয়ে আৰু কোনো লোকক যদি তেজৰ প্ৰয়োজন হয় তেনেহ'লে 91012 98061, 98541 48757 দুটাকৈ নম্বৰ ৰাজহুৱা ভাবে মুকলি কৰি দিছে সংগঠনৰ কৰ্মকৰ্তাসকলে। আজিৰ এই স্বাৰ্থপৰ যুগটো দৰিদ্ৰ লোকৰ সহায়ৰ বাবে আগবাঢ়ি অহা বৰঘুলি উন্নয়ন মঞ্চৰ এনে মানৱ প্ৰেমী কাৰ্যক সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে । কোনো মানৱ দৰদী লোকে যদি এই দৰিদ্ৰ পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ'লে ওপৰত উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে সংগঠনৰ কৰ্মকৰ্তাসকলে।




No comments