কলিয়াবৰৰ কেলিডেন চাহ বাগিছাত শিৱ লিংগ প্ৰতিষ্ঠা কাৰ্যসূচী
কলিয়াবৰ, ২৮ ফেব্ৰুৱাৰীঃ ১৯৬৪ চনতে কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত স্থাপিত অতি পুৰণি শিৱ মন্দিৰটো জহি খহি যোৱাত সমূহ স্থানীয় ভক্তপ্ৰাণ ৰাইজে নতুন কৈ গঢ় দি মন্দিৰটোত স্থাপন কৰিলে শিৱ লিংগ। পুৱাৰ ভাগত জল অভিষেক কাৰ্যসূচীত ভাগ লয় স্থানীয় অগণন ভক্ত প্ৰাণ ৰাইজে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱ লিংগ স্থাপনৰ কাৰ্যসূচীত অষ্টজাম কীৰ্তনৰ লগতে আগন্তুক শিৱৰাত্রী পূজা অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োজক কমিটিৰ।
No comments