Breaking News

শিৱসাগৰৰ আখৈফুটীয়াত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

শিৱসাগৰ, ২৮ ফেব্ৰুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আয়োজন কৰে।আজি শিৱসাগৰ জিলাৰ অন্যান্য প্ৰান্তৰ দৰে আখৈফুটীয়া মধ্য ইংৰাজী বিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানসন্মত প্ৰকল্পৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানশিক্ষক চামচুল বাৰিকে প্ৰাচীৰ পত্ৰিকা বিজ্ঞান জেউতি উন্মোচন কৰি বিজ্ঞান দিৱসৰ উপলক্ষে সাৰগৰ্ভ মন্তব্য কৰে। উল্লেখ্য যে, ২০১৩ বৰ্ষতে আখৈফুটীয়া মধ্য ইংৰাজী বিদ্যালয় প্ৰাদেশীকৰণ হৈছিল। কিন্তু পৰিতাপৰ বিষয় এই যে, বিদ্যালয়খনৰ এটি বাঁহেৰে নিৰ্মিত গৃহতে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগা হৈছে। গতিকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ পৰিচালনা সভাপতিয়ে বিদ্যালয়খন পকীঘৰ নিৰ্মাণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছেঁ।

No comments