Breaking News

কলিয়াবৰৰ বাঘজান সাইবাবা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন

কলিয়াবৰ, ২৭ ফেব্ৰুৱাৰীঃ আজি দিনজোৰা কাৰ্যসূচীৰে কলিয়াবৰৰ বাঘজান সাইবাবা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে জখলাবন্ধাৰ বাঘজানস্থিত সাইবাবা মন্দিৰত স্থানীয় ৰাইজে শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। দিনৰ ভাগত বন্তি প্ৰজ্বলন আৰু আৰতি কাৰ্যসূচী পালন কৰিব ৰাইজে। প্ৰতিষ্ঠা দিৱস উপলক্ষে সাইবাবাৰ আশীষ ল'বলৈ মন্দিৰলৈ সমাগম হোৱা পৰিলক্ষিত হয় ভক্ত প্ৰাণ ৰাইজৰ।

No comments