যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ নতুন গীতৰ শুভমুক্তি
শিৱসাগৰ, ১ ফেব্ৰুৱাৰীঃ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ কণ্ঠত এটি নতুন গীত শুভমুক্তি লাভ কৰে ৷ ’সুৰ ভৰা এটি গান’ শীৰ্ষক সুমধুৰ গীতটি গোলাঘাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বোলছবি পৰিচালক দীনেশ গগৈয়ে ৷ চি.বি. প্ৰডাকচনৰ উদ্যোগত নিৰ্মিত দৃশ্য-শ্ৰব্য গীতটিৰ কথা বিশিষ্ট লেখিকা তথা গীতিকাৰ অনিমা শৰ্মাৰ ৷ গীতটিত সুৰ দান কৰিছে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তথা সুৰকাৰ গিৰীন্দ্ৰ হালৈয়ে ৷ সংগীত ব্যৱস্থাপনা উমেশ নাথৰ ৷ মণিষা শৰ্মা বৰুৱাৰ পৰিকল্পনাৰে সপোনজোতি ফুকনৰ পৰিচালনাত মুক্তি পোৱা গীতটিয়ে সম্প্ৰতি অসমৰ সংগীত ক্ষেত্ৰখনলৈ এটি নতুন বাৰ্তা সংগীত প্ৰেমী ৰাইজক দিব আৰু নিশ্চয় ৰাইজে আদৰি ল'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে অসমৰ অন্যতম এগৰাকী বিশিষ্ট স্তম্ভ লেখক, সমালোচক কবি চামচুল বাৰিকে ৷ আনহাতে, বিশিষ্ট অভিনেতা বিক্ৰম ৰাজখোৱা, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে যুৱ প্ৰজন্মৰ জনপ্ৰিয় লেখিকা কস্তুৰী চুতীয়াই গীতটিৰ লগত জড়িত সকলো কলা-কুশলী আৰু শিল্পী চিন্ময়ী বৰুৱালৈ আন্তৰিক অভিনন্দন জনোৱাৰ উপৰি সদ্য মুক্তিপ্ৰাপ্ত গীতটি অসমবাসী ৰাইজক আদৰি ল'বলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে, গীতটি চিন্ময়ী মিউজিক নামেৰে ইউটিউব চেনেলযোগে বৰ্তমান উপলব্ধ হোৱাৰ কথা জনাই দেৱজিত বৰাই প্ৰেৰণ কৰে ৷
No comments