Breaking News

কলিয়াবৰৰ ধৰমপুৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ অধিবেশনৰ সফল সামৰণি

কলিয়াবৰ, ১ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ ধৰমপুৰ সোণাৰীহোলা বৰনামঘৰত শনিবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ৩০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি ঘটে। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই অধিৱেশনখনিৰ নিশাৰ ভাগত "কুমৰ হৰণ" নাট ভাগ মঞ্চস্থ কৰা হয়। সম্পূৰ্ণ ক'ভিড বিধি মানি আয়োজন কৰা নাট ভাগ চাবলৈ শ শ ভক্ত প্ৰাণ ৰাইজ ওলাই অহা পৰিলক্ষিত হয়। সাংস্কৃতিক সাধক সমীৰণ হাজৰিকাই পৰিচালনা কৰা "কুমৰ হৰণ" নাট ভাগ মঞ্চস্থৰে সামৰণি পৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ।




No comments