কাৰ্বি আংলং টেট শিক্ষকৰ অৱস্থান ধর্মঘট-সংবাদমেল সম্বোধনঃ পেবৰ নিৰ্দেশনা অনুযায়ী নিয়মীয়াকৰণৰ দাবীঃ ৪০,০০০ টেট শিক্ষকে প্ৰয়োজনত গুণোৎসৱত অসহযোগ কৰাৰ হুংকাৰ
বোকাজান, ১ ফেব্ৰুৱাৰীঃ চাকৰিৰ নিয়মীয়াকৰণ, মৰগীয়া বানচ, মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট আদিৰ পৰা বঞ্চিত সৰ্বশিক্ষাৰ অধীনৰ টেট্ উত্তীর্ণ শিক্ষকসকলক কেবিনেট সিদ্ধান্ত অনুসৰি প্ৰাপ্য আদায় নিদিলে প্রয়োজনত গুণোৎসৱতো অসহযোগ কৰিব ৪০,০০০ ঠিকাভিত্তিক টেট্ শিক্ষকে। আজি বোকাজানত এই কথা ঘোষণা কৰে কাৰ্বি আংলং টেট শিক্ষক সন্থাই। উল্লেখ্য যে, আজি অসমৰ প্ৰতিখন জিলাতে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আহ্বানত টেট উত্তীর্ণ শিক্ষকসকলৰ বিভিন্ন দাবী তথা সমস্যা সমাধানৰ সমৰ্থনত ক'ভিড নীতি মানি শিক্ষক প্রতিনিধিৰ জৰিয়তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে কাৰ্বি আংলং টেট শিক্ষক সন্থাই আজি বোকাজান নগৰস্থিত সুখানী ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিজয় দেই মন্তব্য ৰাখি কয় যে, ২০১৩ চনৰ পৰা আৰ.অ.পি. অনুযায়ী দৰমহা লাভ কৰি অহা টেট উত্তীৰ্ণ শিক্ষকসকলক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নির্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বর্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। বর্তমানে নীতি অনুসৰি ৩১ শতাংশ মৰগীয়া বানচ লাভ কৰিব লাগিছিল যদিও কেৱল ১২ শতাংশ মৰগীয়া বানচ লৈয়ে এইসকল শিক্ষকে চাকৰি কৰি থাকিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পাছত চৰকাৰৰ ঘোষিত ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাও শিক্ষকসকল বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে সন্থাৰ বিষয়ববীয়াই। শিক্ষকসকলৰ দাবী অনুসৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপালৰ নির্দেশনাকো ভঙ্গ কৰিছে বুলি সংবাদমেলখনত জানিবলৈ দিয়ে। উল্লেখ্য যে, ২০২০ চনৰ ১ জুলাই তাৰিখে ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে এইসকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰি ৫ লাখ টকা পর্যন্ত মেডিকেল ৰি-ইম্বার্চমেণ্ট, বেংক লোণ (আপোন ঘৰ) আদিৰ সুবিধা লাভ কৰিব লাগে। কিন্তু এইসকল শিক্ষকক আজি পর্যন্ত কাগজে-পত্ৰই সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই বুলি কোৱাৰ লগতে যিটো সময়ত শিক্ষামন্ত্ৰীয়ে প্রায়ে নিয়মীয়াকৰণৰ নামত 'সমহাৰত দা-দৰমহা দিয়া হৈ আছে' বুলি বিভিন্ন সভা-সমিতি তথা সংবাদ মাধ্যমত ঘোষণা কৰি আহিছে, দৰাচলতে বাস্তৱত এয়া সম্পূর্ণ মিছা বুলি সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে সন্থাৰ বিষয়ববীয়াই। এইসকল শিক্ষকে অন্য সুবিধা, সন্মান আদিৰ পৰা বঞ্চিত হৈ থকাৰ উপৰি নিয়মীয়া বর্ধিত হাৰৰ দৰমহা, এনপিএচ, চাৰ্ভিচ বুক, বেংক লোণ, মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, এম.এ.চি.পি.এচ. শিক্ষক বঁটাৰ সুবিধা আদি সকলো প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ আছে বুলি সংবাদমেলত বিষয়ববীয়াই জানিবলৈ দিয়ে। যিটো সময়ত উচ্চতম ন্যায়ালয়ে সম কামৰ সম দৰমহাৰ কথা কৈ আহিছে তেনে সময়তে বৰ্তমানৰ শিক্ষা বিভাগ তথা বিভাগীয় মন্ত্ৰীয়ে নিজৰে বিভাগীয় নির্দেশনা তথা কেবিনেট সিদ্ধান্তক ভঙ্গ কৰিছে বুলি উল্লেখ কৰি শিক্ষক সমাজে বহুবাৰ বিভাগীয় মন্ত্ৰীক প্ৰাপ্য আদায়ৰ কাকুতি মিনতি কৰিছিল যদিও বিভাগীয় মন্ত্ৰী আৰু শিক্ষা বিভাগে তেওঁলোকৰ অনুৰোধক গুৰুত্ব প্ৰদান কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যজুৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি কয় সন্থাৰ বিষয়ববীয়াই। সমাজৰ কাৰ্বি আংলং জিলাৰ নেতৃত্বই জনোৱা অনুসৰি পেব(PAB) ৰ নিৰ্দেশনা অনুযায়ী এইসকল শিক্ষকৰ দ্বৈত কেডাৰ ভঙ্গ কৰি নিয়মীয়াকৰণ নকৰিলে, পূৰ্বৰ বিভাগীয় তথা চৰকাৰী কেবিনেটৰ ঘোষণা অনুসৰি দিবলগীয়া সুবিধা আৰু প্ৰাপ্যসমূহ আদায় নিদিলে শিক্ষকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হোৱাৰ লগতে প্রয়োজনত শিক্ষকসকলে গুণোৎসৱ তথা অন্যান্য চৰকাৰী দায়িত্ব সমূহতো অসহযোগ কৰিবলৈ বাধ্য হ'ব বুলি আজিৰ সংবাদমেলৰ যোগেদি জানিবলৈ দিয়ে কাৰ্বি আংলং টেট শিক্ষক সন্থাই। উল্লেখ্য যে, কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ মুখপাত্ৰ ঔম প্ৰকাশ ৰায়ৰ লগতে জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপক মেধি, জিলা সাংগঠনিক সম্পাদক দুলাল সিন্হা, জিলা সহকাৰী সম্পাদক টেঙাৰাম ৰংফাৰ, কাৰ্যনিৰ্বাহক সদস্য গৌতম দে' আজিৰ সংবাদমেলখনত উপস্থিত থাকে। আনহাতে, জিলা সমিতিৰ বিষয়ববীয়াসকলে টেট শিক্ষকসকলৰ উক্ত দাবী সম্বলিত এক স্মাৰক পত্ৰ সৰ্বশিক্ষাৰ জিলা সমন্বয়ক বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে।
No comments