Breaking News

দিচাংমুখৰ পমুৱা মিচিং গাঁৱত আলি-আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি

শিৱসাগৰ, ১ ফেব্ৰুৱাৰীঃ গণশিল্পী বিক্ৰমসিং য়েইনৰ জন্মস্থান দিচাংমুখৰ আলিছিগা পমুৱা মিচিং গাঁওত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ, ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আঃয়ে-লৃগাং উদ্‌যাপন কৰিবৰ বাবে গাঁওৰ বোৱাৰী-জীয়ৰীসকলে পঃৰ আপং (ছাই মদ) বনোৱাত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ ধৰ্মীয় পৰম্পৰা অনুসৰি লৃগাঙৰ বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ৷ বিশেষকৈ সাংস্কৃতিকভাৱে চহকী দিচাংমুখত লৃগাঙৰ দিনা অঞ্চলটোৰ মিচিং গাঁওসমূহত  গোমৰাগ চঃমান আৰু ঐনিঃতমে ৰজনজনাই তুলিব আকাশ-বতাহ ৷



No comments