বোকাখাতত বাৰ্ষিক ক্ৰীড়া সমাৰোহত প্ৰতিযোগীৰ ৰূপত মন্ত্ৰী অতুল বৰা
বোকাখাত, ১ ফেব্ৰুৱাৰীঃ ভিন্ন সময়ত ভিন ভিন ৰূপত দেখিবলৈ পোৱা যায় বোকাখাত সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাক ৷ কেতিয়াবা ট্ৰেক্টৰ চলাই খেতিয়কৰ ৰূপত, কেতিয়াবা পাঞ্জা খেলত বাহুবলীৰ ৰূপত, কেতিয়াবা আকৌ যোগাসকৰ ৰূপত। ভিন্ন সময়ত মন্ত্ৰী অতুল বৰাৰ এই ভিডিঅ'সমূহ ভাইৰেল হৈ আহিছে ৷ এইবাৰ আন এক ৰূপত খেলপথাৰত দেখা গ'ল মন্ত্ৰী অতুল বৰাক ৷ এইবাৰ ৰছী টনা প্ৰতিযোগিতাত মন্ত্ৰী অতুল বৰা ৷ এফালে মন্ত্ৰী অতুল বৰাৰ দল আৰু আনফালে বোকাখাত চাহ বাগিচাৰ দল । কিন্তু প্ৰতিযোগিতাত অতুল বৰাৰ দলৰেই জয় হয়। বোকাখাত চাহ বাগিচাত অনুষ্ঠিত ৩৯ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহত অংশ গ্ৰহণ কৰি নিজ দলৰ এজন অন্যতম সহযোগী হৈ ৰচী টনা প্ৰতিযোগিতাত অংশ লৈ নিজ দলক জয়ী কৰোৱাৰ লগতে প্ৰতিযোগিতাত ব্যৱহৃত ৰচীডাল ছিঙিও আন এক বিৰল কৰ্তৃত্বৰ অধিকাৰী হয় মন্ত্ৰী অতুল বৰা ৷ ক্ৰীড়াৰ ক্ষেত্ৰত বোকাখাত চাহ বাগিচাৰ এক সুকীয়া পৰিচয় আছে ৷ বাগিচাখনৰ যুৱক-যুৱতীয়ে ক্ৰীড়াৰ জৰিয়তে পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে কৰ্ম সংস্থাপনো লাভ কৰিছে ৷ যোৱা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ বাগিচাখনত ৩৯ সংখ্যক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয় ৷ সোমবাৰে সামৰণি আৰু বঁটা বিতৰণী সভাত পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈসকলক মেডেলৰ লগতে খেলৰ উপযোগী আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ৷
No comments