বকলীয়াঘাটত বুজন পৰিমাণৰ বনৰীয়া কচুসহ দুই সৰবৰাহকাৰী আটক
বোকাজান, ২ ফেব্ৰুৱাৰীঃ বিভিন্ন প্ৰকাৰৰ বনজ সম্পদ, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বাবে অপৰাধী চক্রই কাৰ্বি আংলং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহক অন্যতম গুৰুত্বপূৰ্ণ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ সময়তে জিলাখনত আজি বন বিভাগে অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰি অহা বুজন পৰিমাণৰ বনৰীয়া কচু জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। প্রাপ্ত তথ্য অনুসৰি, মুখ্য বন সংৰক্ষক বি কে বানচালে আজি পুৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত লংনিট এলেকাত এখন পাচলি কঢ়িয়াই অনা নম্বৰ প্লেটবিহীন বলেৰ’ পিক্আপ বাহনৰ ওপৰত সন্দেহবশতঃ তালাচী চলোৱাত বাহনখনত কেইবাটাও বস্তাত ভৰাই অনা অৱস্থাত বুজন পৰিমাণৰ বনৰীয়া কচু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শীৰ্ষ বন বিষয়াগৰাকীয়ে লগে লগে চোৰাং সামগ্রীসহ বাহন আৰু দুই সৰবৰাহকাৰীক বন বিভাগৰ বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জৰ কাৰ্যালয়ত চমজাই দিয়ে। নৰ্দাৰ্ণ ৰেঞ্জৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙে সংবাদ মাদ্যমক জানিবলৈ দিয়া অনুসৰি বন বিভাগে জব্দ কৰা শুকান আৰু কেচা বনৰীয়া কচুৰ মুঠ পৰিমাণ কমেও দহ কুইন্টলৰো অধিক। জব্দ হোৱা বনজ সামগ্রীখিনিৰ বজাৰমূল্য কেইবা লক্ষাধিক টকাৰ বুলি বন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।
No comments