Breaking News

লাহৰিজানত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

বোকাজান, ৩ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ বাতৰি পোৱা গৈছে। নিহত মহিলাগৰাকী লাহৰীজান চানডে’ বজাৰৰ ফাইজুৰ ৰহমানৰ পত্নী নাজবুৰ বেগম বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱাৰ ভাগত মহিলাগৰাকীয়ে উক্ত স্থানত খৰি লুৰিবলৈ যোৱাৰ সময়তে বনৰীয়া হাতীৰ সন্মুখীন হোৱাত বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত মহিলাগৰাকী থিতাতে নিহত হয়। স্থানীয় লোকে লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।




No comments