ডিলাইত অচিনাক্ত গলিত মৃতদেহ উদ্ধাৰ
বোকাজান, ৩ ফেব্ৰুৱাৰীঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত কালি এক অচিনাক্ত গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, বুধবাৰে দিনৰ প্ৰায় এঘাৰ বজাত গৰু চৰাবলৈ যোৱা এজন লোকে ডিলাই থানাৰ অন্তৰ্গত কয়লাজান এলেকাৰ মন বাহাদুৰ গাঁৱৰ খিলাই নলাৰ সমীপত এটা গলিতপ্ৰায় পুৰুষৰ মৃতদেহ প্রত্যক্ষ কৰে। স্থানীয় লোকে লগে লগে এই সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।
No comments