মাঞ্জাত চুৰি গাড়ীসহ দুজনক আটক
বোকাজান, ৩ ফেব্ৰুৱাৰীঃ বিগত তিনি বছৰৰ পূৰ্বেই সোণাপুৰৰ পৰা চুৰি হোৱা এখনি বিলাসী বাহন আজি মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে আজি পুৱাই অভিযান চলাই এখন চুৰি বিলাসী বাহন জব্দ কৰাৰ লগতে দুটাকৈ দুৰ্ধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱা প্ৰায় ৮.৩০ বজাত ডিমাপুৰ অভিমুখে গৈ থকা এএছ-০১-বিকে-০০৮৮ নম্বৰৰ নিছান টোন' বাহনখন মাঞ্জা থানাৰ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলাই বাহনখন ২০১৯ চনতে সোণাপুৰৰ পৰা চুৰি কৰি অনা বাহন বুলি নিশ্চিত হয়। সোণাপুৰ থানাত এতিয়াও এই সন্দৰ্ভত ৫৭৭/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈ আছে। এই সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে দুটা দুৰ্ধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত গাড়ীচোৰ দুটা ক্ৰমে মণিপুৰ চূড়াচান্দপুৰ জিলাৰ তুবুং থানাৰ অন্তৰ্গত চিমুনকট নিবাসী ৰবাৰ্ট এনগামিনথাং টৌথাং (৩০) আৰু মণিপুৰৰ টেন্ন’পাল জিলাৰ মৰে থানাৰ অন্তৰ্গত টি টংলহাং নিবাসী পাওমিনলাল মিচাও (২৫) বুলি চিনাক্ত কৰা হৈছে।
No comments