Breaking News

ক্ৰীড়া ভাৰতী অসমৰ উদ্যোগত মৰাণ কণিষ্ঠ মহাবিদ্যালয়ত সূৰ্য্য নমস্কাৰ কাৰ্যসূচী ৰূপায়ণ

মৰাণ, ২ ফেব্ৰুৱাৰীঃ ক্ৰীড়া ভাৰতী অসমৰ উদ্যোগত মৰাণ কণিষ্ঠ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সূৰ্য্য নমস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, ১৯৯২ চনত ক্ৰীড়া ভাৰতীৰ শুভাৰম্ভ হৈছিল আৰু তিনি দশক ধৰি অবিৰত সাধনাৰ ফলস্বৰূপে ক্ৰীড়া ভাৰতীয়ে আজি অখিল ভাৰতীয় ৰূপ পাই সূৰ্য নমস্কাৰৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে সংগঠন তথা ক্ৰীড়াক্ষেত্ৰৰ বিকাশত কৰ্মৰত হৈ আছে । অসম প্ৰান্তত এই কাৰ্যক্ৰম ৩০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অনুষ্ঠিত হব বুলি উদ্যোগতাই জানিবলৈ দিয়ে ।

No comments