Breaking News

আমগুৰিত কেন্দ্ৰীয় মেদাম-মে-ফি অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনক "বীৰ পাঙৰাও বঁটা" প্ৰদান

শিৱসাগৰ, ৩১ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ লালিমচাপৰিত তাই আহোম যুৱ পৰিষদ, অসম(টাইপা) আৰু কুম কুম খাও ফু ৰা লুঙ, অসমৰ উদ্যোগত তথা আমগুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বৃহত্তৰ আমগুৰিত কেন্দ্ৰীয় মেদাম-মে-ফি আৰু বীৰ পাঙৰাও বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনক 'বীৰ পাঙৰাও বঁটা'প্ৰদান কৰা হয়। বীৰ পাঙৰাও সমন্বয় ক্ষেত্ৰ লালিমচাপৰিত পাঁচদিনীয়া কাৰ্যসূচীৰে এই মেদাম-মে-ফি উদযাপন কৰা হৈছে। বীৰ পাঙৰাও বঁটাৰ সৈতে এযোৰ সাজ, এখন হেংদান, এটি স্মাৰক আৰু এখন সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰা হয় মন্ত্ৰী যোগেন মোহনক। ভাষণ প্ৰসঙ্গত ৰাজকীয় আহোম জাতি, সংস্কৃতি আৰু ভাষা ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজন অসমীয়াৰ কৰণীয় আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ আগেয়ে সভাখনত স্মৃতি গ্ৰন্থ 'পাঙৰাও' উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেশ কিশোৰ ফুকনে। 




No comments