Breaking News

কলিয়াবৰত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সৌজন্যত ডাষ্টবিন প্ৰদান

কলিয়াবৰ, ৩১ জানুৱাৰীঃ জখলাবন্ধা হস্পিতাল চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ এঘাৰগৰাকী সদস্যৰ ব্যতিক্ৰমী প্ৰচেষ্টা। মাঘ বিহুৰ উৰুকা উপলক্ষে জ্যেষ্ঠ নাগৰিকসকলে অনুষ্ঠিত কৰিছিল  উপহাৰ কুপন খেল। লগতে ৰাহি হোৱা পইচাৰে জ্যেষ্ঠ  নাগৰিকসকলে কলিয়াবৰৰ দুখন শিক্ষানুষ্ঠানৰ লগতে জখলাবন্ধা চিকিৎসালয় আৰু কলিয়াবৰ সাংবাদিক সন্থালৈ আগবঢ়ালে এটা কৈ ডাষ্টবিন। আমাৰ চৌপাশটো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবেই জ্যেষ্ঠ নাগৰিকসকলে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

No comments