Breaking News

কলিয়াবৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মেডাম-মে-ফি উৎসৱৰ আজি সফল সামৰণি

কলিয়াবৰ, ৩১ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কলিয়াবৰ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে কলিয়াবৰৰ শিলঘাট-মাউত গাওঁত অনুষ্ঠিত কৰা মে-ডাম-মে-ফি উৎসৱৰ আজি সফল সামৰণি পৰে। আহোম ৰ'য়েল চ'ছাইটি, তাই আহোম পুৰাতাত্ত্বিক সম্পদ সংৰক্ষণ সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আহোম ৰাজত্ব কালৰ ঐতিহাসিক শিলঘাট শ্যামলাগৰত আয়োজন কৰা হয় মেদাম-মে-ফি উৎসৱ। শ্যামলী গড়ৰ ওপৰতে আয়োজন কৰা মেদাম-মে-ফি উৎসৱত আহোম সম্প্ৰদায়ৰ পূৰ্ব পুৰুষক স্মৰণ কৰি  ফুৰালুং পূজা অনুষ্ঠিত কৰাৰ পাছতে কালি মেদাম-মে-ফি উপলক্ষে অনুষ্ঠিত হোৱা শিশুসকলৰ খেল-ধেমালি প্ৰতিযোগিতাৰ বটাঁ বিতৰণী সভা অনুষ্ঠিত হয় । বঁটা বিতৰণী অনুষ্ঠানত কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মন, মহকুমা দণ্ডাধীশ দেৱসেনা বৰ্মন, কলিয়াবৰ আহোম ৰ'য়েল চ'ছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি বৰগোঁহাইৰ লগতে উপস্থিত থাকে কলিয়াবৰৰ বহু কেইজন গণ্যমান্য ব্যক্তি। 


No comments