Breaking News

বৃত্ৰাসুৰ বধেৰে সামৰণি পৰিলে শলগুৰীয়া যুৱসমাজৰ ভাওনা অনুষ্ঠান

শিৱসাগৰ, ২২ জানুৱাৰীঃ শতিকা গৰকা শলগুৰীয়া গাঁৱৰ এক বিশেষ অনুষ্ঠান ভাওনা সংস্কৃতি। শিৱসাগৰ জিলাৰ অন্য এখন বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল হৈছে হাঁহচৰা। এই হাঁহচৰাৰে শলগুৰীয়া গাঁও। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই দেখাই থৈ যোৱা ভাওনা প্ৰদৰ্শনৰ যি মাহাত্ম, তাকে সৰোগত কৰি ডেৰ শতিকা জুৰি পালন কৰি আহিছে এই শলগুৰীয়া গাঁও বাসীয়ে। নৱপ্ৰজন্মও তাকে বাট বুলি আগুৱাই আহিছে ভাওনা সংস্কৃতি ধৰি ৰাখিবলৈ। পুৱাই ভাগৱত শুভাযাত্ৰাই কাৰ্যসূচী আৰম্ভ কৰে গাৱঁৰ শতাধিক যুৱক-যুৱতীয়ে। অতিজৰে পৰা চলি আহিছে এই পৰম্পৰা। তাৰে নিদৰ্শন ২২ জানুৱাৰীত অনুষ্ঠিত কৰা শলগুৰীয়া গাঁৱৰ যুৱ সমাজে "দধিচী মুনিৰ দেহ ত্যাগঃ বৃত্ৰাসুৰ বধ" ভাওনা। সময়ৰ উপযোগী আধ্যাত্মিক কাহিনীক নাটকীয় গতিৰে জনসমাজত দাঙি ধৰি দধিচীৰ ত্যাগ আৰু দেৱতাসকলৰ স্বাৰ্থৰ যি বহিঃ প্ৰকাশ ঘটিছে আজিৰ সমাজে গ্ৰহণ কৰাৰ সময় সমাগত।



No comments