বৰপথাৰৰ ধোন্দাচাম উচ্চ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ উদযাপন
ধনশিৰি, ২৩ জানুৱাৰীঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ বিলগাঁওৰ অগ্ৰণী শিক্ষানুষ্ঠান ধোন্দাচাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। ৫০খন পতাকা উত্তোলন, স্মৃতি সৌধ মুকলি, স্মৃতি তৰ্পণেৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিশ্বজিৎ ফুকনৰ উপস্থিতিত আড়ম্বপূৰ্ণভাৱে আৰম্ভ হয় সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । ইফালে বিদ্যালয়খনৰ শ্ৰেণীকোঠা উন্নীতকৰণৰ বাবে বিধায়ক পুঁজিৰ পৰা ১০ লাখ টকা প্ৰদান কৰে ।
আনহাতে, আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰে ।
No comments